খিলঞ্জীয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ বৃহৎ সিদ্ধান্ত।

DY365
DY365
Published: October 4,2024 06:43 PM
DY365

Story highlights

খিলঞ্জীয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ বৃহৎ সিদ্ধান্ত।

৪ অক্টোবৰ,২০২৪ -   খিলঞ্জীয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ বৃহৎ সিদ্ধান্ত। 
উত্তৰ-পূবৰ তিনিখন ৰাজ্যই খিলঞ্জীয়াৰ স্বাৰ্থত ললে বৃহৎ সিদ্ধান্ত। চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মিজোৰামৰ পিছত এইবাৰ মণিপুৰে খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে নিৰ্ধাৰণ কৰিলে ভিত্তিবৰ্ষ। অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ১৯৬১ চন হ'ব মণিপুৰৰ ভিত্তিবৰ্ষ। ইয়াৰ পূৰ্বে চুবুৰীয়া ৰাজ্য নাগালেণ্ডে চাৰিটা সম্প্ৰদায়ৰ বাবে ১৯৬৩ চন আৰু এটা সম্প্ৰদায়ৰ বাবে ১৯৪০ চনক ভিত্তিবৰ্ষ হিচাপে নিৰ্ধাৰণ কৰিছে। আনহাতে মিজোৰামে ১৯৫১ চনক ৰাজ্যখনৰ ভিতৰতে মাটি ক্ৰয়ৰ ভিত্তি বছৰ হিচাপে নিৰ্ধাৰণ কৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে টুইটযোগে মন্তব্য কৰি কয় যে- আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু  মিজোৰামে গ্ৰহণ কৰা ভিত্তিবৰ্ষ এই অঞ্চলটোৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে আমাৰ প্ৰচেষ্টাৰ এক ডাঙৰ পদক্ষেপ। অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আমাৰ অৰ্থাত মণিপুৰৰ ভিত্তিবৰ্ষ হ'ব ১৯৬১ চন।


TWITTER

FACEBOOK